হোষ্টেল-১ (নমতা বিয়া)

SANKARDEV ACADEMY, NALBARI ত হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা। সেই সময়ত আমি বৰ বিয়া প্ৰেমী আছিলোঁ। মানে আমি বিয়া কৰোৱাৰ কথাকোৱা নাই বেলেগৰ বিয়া খোৱাৰ কথা কৈছো। এষাৰ কথা আছে নহয় “এনেই বুঢ়ী নাচনি,তাতে নাতিয়েকৰ বিয়া” আমাৰ ক্ষেত্ৰত — “এনেই হোষ্টেলৰ চলি খকুৱা, তাতে নলবাৰীৰ বিয়া” । নলবাৰীৰ বিয়াৰ ৰভা যদিও সৰু খানা কিন্তু একদম জবৰদস্ত। আমি আছিলোঁ হোষ্টেলৰ শান্তি নোহোৱা জীৱ। কাৰ পৰা কেনেকৈ খাব পাৰি সেই চিন্তাই অনবৰতে মাথাত খুন্দিয়াই থাকে। ব’হাগ মাহৰ কথাটো অলপ বেলেগ, মানে বিয়াৰ চিজন যে! গৰম বতৰৰ কাৰণে ৱাৰ্ডেন ও নাথাকে তাৰেই সোণালী সুযোগত বিয়া বুলি ওলাই যাওঁ আৰু! মাজে মাজে ঠাকুৰে অলপ ঝেং দিছিল -ঔই ক’ত যোৱা তোমালোকে এই ৰাতি? শৰ্মা চাৰক (কো-অৰ্ডিনেটৰ) কৈ দিম কিন্তু? আমিও আছিলো নাছোৰবান্দা। যাম বুলি ওলাইছো যামেই কোনো কিন্তু নাই ঠাকুৰকো জোচত কৈছিলো কোন শৰ্মা ছাৰ বে! ক’ব ক’ব! সেইবুলি আমি একদম বিয়াৰ ৰিচিপচন কৰা ঠাই পাওঁ গৈ । তাৰ ভিতৰত অন্যতম আছিল প্ৰেমদা হোটেল। গৈয়ে দাঁতৰ কাম ষ্টাৰ্ত কৰি দিওঁ! দুপাৰি দাঁতৰে মাংসৰ পিছ ত কামোৰ মাৰি! উফ! কি অপূৰ্ব সোৱাদ ! নাই নোৱাৰি, দাদা এক দৰ্জন পুৰি দিবছোন! যেন আমাৰ পেট নহয় ধান থোৱা দুলি হে! খাই লৈ দৰাক আশীৰ্বাদ দি সিংহৰ দৰে জপিয়াই জপিয়াই বিচনা পাওগৈ। পিছদিনা শৰ্মা চাৰৰ জেৰা। মানে আদালতত আচামী হাজিৰ হোৱাদি এপ্লিকেশ্বন হাতত লৈ প্লিজ চাৰ প্লিজ বুলি হাতে ভৰি ধৰি আৰু কেতিয়াও নাজাও বুলি মা কছম খাই আৰম্ভ কৰি দিও! তেওঁ নুবুঁজেহে নুবুঁজে ! তেওঁক মাথোঁ আমাৰ গাৰ্জেনৰ ফোন নাম্বাৰ হে লাগে। আমাৰো উপাই নাই এয়াৰচেল, ভোদাফোনৰ কাষ্টমাৰ কিয়াৰ নম্বৰ মনত কৰাত লাগি যাওঁ । তেনেতে ৱাৰ্ডেন বৰা চাৰ আহি ‘ও তঁহতে’ বুলি মিছিকিয়াই হাঁহি এটা মাৰি (আমাৰো মন মে লাড্ডু ফুটা হৈ যায় ) এইবাৰ লাষ্ট চানচ্চ কিন্তু! নেক্সট বাৰ বেডিং লৈ ওলাবি । চাৰেও কিন্তু জানে সেইখিনি যে আমাৰ ক্ষন্তেকীয়া অভিনয় হে আছিল। এনেকৈ বহাগৰ মাহটো বিয়া খাওতে গৈছিল ।এতিয়া সময় সলনি হ’ল নিমন্ত্ৰিত বিয়াত যাব হলে ও লাজে আহি নাকত ধৰে। সময়ৰ পাক চক্ৰত পৰি সকলো এতিয়া বেলেগে বেলেগে! ভাবিলে এতিয়া বৰকৈ নষ্টালজিক হৈ যাঁও! কি দিন আছিল ! কি হ’ল গৈ আৰু বা কি হ’ব?

One clap, two clap, three clap, forty?

By clapping more or less, you can signal to us which stories really stand out.