Bikash Kumar Bhattacharya
9 min readJun 23, 2021

‘চৰুৱাৰ উক্তি’ৰ কবি কোন?



দীননাথ শৰ্মা সম্পাদিত ‘আৱাহন’ৰ ১৯৩৮ চনৰ মে’-জুন (৯ম বছৰ ষষ্ঠ সংখ্যা, ১৮৬০ শক) সংখ্যাত ‘চৰুৱাৰ উক্তি’ নামেৰে এটা কবিতা ওলাইছিল । কবিতাটোৰ কবি মৌঃ (মৌলৱী) বন্দে আলীৰ বিষয়ে কোনো তথ্য পোৱা নাযায় । হাফিজ আহমেদে ‘কথা-বাৰ্তা’ অনুষ্ঠানত হোমেন বৰগোঁহাঞিক দিয়া এটা সাক্ষাৎকাৰত মৌঃ বন্দে আলীক (অবিভক্ত) দৰং জিলাৰ লোক বুলি উল্লেখ কৰিছিল যদিও এই তথ্য সমৰ্থন কৰিবলৈ কোনো তথ্যসূত্ৰ দিয়া নাছিল । ছালিম এম হুছেইনৰ NEZINE ৱেব আলোচনীত প্ৰকাশিত ‘Why Miyah Poetry (and not Chor-Chapori Poetry)?’ প্ৰৱন্ধত মৌঃ বন্দে আলীক মিঞা কবিতাৰ পূ্ৰ্বসূৰী—আৰু এক অৰ্থত প্ৰথমজন মিঞা কবি—বুলিছে যদিও তেওঁৰ জীৱনীভিত্তিক কোনো তথ্য সন্নিৱিষ্ট কৰা নাই । কবিতাটোৰ ‘পাঠ’ (text) আলোচনা এই লেখাৰ উদ্দেশ্য নহয়; ইয়াৰ উদ্দেশ্য কবিতাটোৰ ৰচক আৰু ৰচনাৰ পশ্চাৎপদৰ আনুষংগিক সমাজ-ৰাজনৈতিক দিশ সম্পৰ্কত কিছু আলোকপাত কৰাহে ।

হোমেন বৰগোঁহাঞিয়ে হাফিজ আহমেদৰ লগত হোৱা পূৰ্বোল্লেখিত সাক্ষাৎকাৰত ‘মৌঃ বন্দে আলী’ দৰাচলতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুলচন্দ্ৰ হাজৰিকাৰ ছদ্মনাম বুলি মন্তব্য কৰিছিল । স্মৰ্তব্য যে ‘আৱাহন’ত ছপা হোৱাৰ পাছত এই কবিতাটো একে শিৰোনামেৰে অতুলচন্দ্ৰ হাজৰিকাৰ ১৯৩৮ চনত প্ৰকাশিত ‘দীপালী’ কাব্যগ্ৰন্থখনৰ তৃতীয় তাঙৰণত অন্তৰ্ভুক্ত কৰা হৈছে । ‘দীপালী’ৰ প্ৰথম তাঙৰণত সন্নিৱিষ্ট ৫০ টা কবিতাৰ ভিতৰত ‘চৰুৱাৰ উক্তি’টো নাছিল; পৰৱৰ্তী তাঙৰণতসমূত অন্তৰ্ভুক্ত কৰা হৈছে । তৃতীয় তাঙৰণৰ পাতনিত ‘চৰুৱাৰ উক্তি’সহ সাতটা কবিতা ন-কৈ অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰা হৈছে । ‘দীপালী’ৰ তৃতীয় তাঙৰণৰ মতে এই কবিতাটো অতুল চন্দ্ৰ হাজৰিকাই ১৯২৮ চনত বৰপেটাত ৰচনা কৰিছিল । আৱাহনত মৌঃ বন্দে আলীৰ নামত প্ৰকাশ হোৱাৰ পাছত ‘দীপালী’ত অন্তৰ্ভূক্ত কৰা, হোমেন বৰগোহাঁঞিৰ মন্তব্য, আৰু হাজৰিকাৰ লেখক-জীৱন-অভিজ্ঞতাৰ অন্যান্য উপলব্ধ তথ্য পাতিলৈ চাই ভাবিবৰ থল আছে যে হাজৰিকাই মৌঃ বন্দে আলী ছদ্মনামত এই কবিতাটো ৰচনা কৰিছিল । যদিও ‘দীপালী’ সংকলনত কবিতাটিৰ ৰচনাকাল-স্থান ১৯২৮ চনৰ বৰপেটা বুলি প্ৰকাশ কৰা হৈছে, হাজৰিকাই আত্মজীৱনী ‘স্মৃতিলেখা’ত উল্লেখ কৰা মতে ১৯৩৭ চনতহে তেওঁ পোনপ্ৰথমবাৰৰ বাবে বৰপেটালৈ গৈছিল (স্মৃতিলেখা: ১৯৮১, পৃ ১৩৫) । তদুপৰি কবিতাটোৰ ৰচনাকাল ১৯২৮ চন বুলি ধৰিলে ই প্ৰকাশৰ মুখ দেখালৈ এক দশক বাট চাবলগীয়া হৈছিল—যিটো হাজৰিকাৰ ওজনৰ কবি এজনৰ বাবে স্বাভাৱিক নহয় । সেয়েহে কবিতাটোৰ প্ৰকাশকাল ১৯২৮ বুলি উল্লেখিত হোৱাটো ছপাৰ ভুল বুলি ভৱাৰহে যুক্তিযুক্ততা আছে ।

ফটো: ‘দীপালী’ৰ তৃতীয় সংস্কৰণ । উৎস: চিত্ত ৰঞ্জন পাঠক ।

পাঠকৰ আগলৈ আনিব নোৱৰা মুখাবোৰৰ ভিতৰত ‘মৌঃ বন্দে আলী’য়ো আছিল নেকি এখন মুখা?

১৯৩২ চনত হাজৰিকাদেৱে নগাঁৱৰ লাহৰীঘাট-জুৰীয়া অঞ্চলত অস্থায়ী স্কুল ইন্সপেক্টৰ হিচাপে কাৰ্য-নিৰ্বাহ কৰিছিল । লাহৰীঘাটৰ অভিজ্ঞতা সুঁৱৰি ‘স্মৃতিলেখা’ত লেখিছে: “মই ৰাতিপুৱা কাউৰ-কুকুৰ মাটিত পৰাৰ লগে লগে শেতেলি এৰি দুই তিনিমাইলমান নিলগৰ স্কুল এখনলৈ খোঁজ লওঁ । যাঁওতে বাটে-পথে নানা তৰহৰ দৃশ্য দেখা পাওঁ । আটাইতকৈ ভাল লাগে পমুৱা মুছলমান খেতিয়কবিলাকৰ কৰ্মব্যস্ততা দেখি ।…পথাৰত তৰহে তৰহে খেতি…বেলিফুলৰ দৰে জকমকাই পথাৰ ভৰি ফুলি থকা তিছি ফুলবোৰ দেখি মন-প্ৰাণ নাচি উঠে । তিছি গুটিৰ খেতি নুবুলি পথাৰতে একোখন ফুলবাৰী যেনহে মনত ধাৰণা হৈছিল আৰু ইংৰাজ কবি ডেফ’ডিল কবিতাটোলৈ মনত পৰিছিল । পমুৱা খেতিয়কবিলাকৰ আতিথ্যও মন কৰিবলগীয়া । মই স্কুলখনত কাম কেইমাহমানহে কৰিছিলো । কিন্তু কম সময়ৰ ভিতৰত ঘাঁইকৈ মিকিৰ আৰু পমুৱা মুছলমানৰ অতিথিপৰায়ণতা দেখি মুগ্ধ হৈছিলো” (স্মৃতিলেখা: ১৯৮১, পৃ ১২৭) ।

পমুৱা সমাজৰ নিকট সান্নিধ্যই হয়তো হাজৰিকাক ‘চৰুৱাৰ উক্তি’ ৰচনা কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল । হাজৰিকাৰ কে’বাটাও কবিতা আচলতে তেখেতৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰত ৰচিত, তথা তেনে অভিজ্ঞতাৰ প্ৰতি কবিৰ impressionistic response. ১৯৩৪ চনত ডবকা অঞ্চলত কৰ্মসূত্ৰে পদাৰ্পণ কৰি তাৰ বুঢ়ীগংগা, বৰগংগা আৰু ঊৰ্দ্ধগংগা নামেৰে তিনিখন জুৰিসদৃশ নৈৰ বিমোহন সৌন্দৰ্য্যত মুগ্ধ হৈ কবি হাজৰিকাই ৰচনা কৰা ‘বৰগংগা’ কবিতাটো একে বছৰৰে ‘জয়ন্তী’ত প্ৰকাশ হৈছিল (স্মৃতিলেখা: ১৯৮১, পৃ ১২৯) । ঠিক তেনেকৈ ডিবৰু-প্ৰবাসৰ সময়ত এদিন ঐতিহাসিক বগা বাবাৰ দৰগাহ ভ্ৰমণ কৰি লিখি উলিয়াইছিল “বগা বাবাৰ দৰগাহ” শীৰ্ষক কবিতা; ইয়ো ‘জয়ন্তী’তে ছপা হৈছিল । ‘স্মৃতিলেখা’ত কবি হাজৰিকাই লেখিছে: “এই দৰগাহ দৰ্শন কৰি মোৰ মনৰ মাজত ওপজা ভাৱ “বগা বাবাৰ দৰগাহ” নামেৰে কবিতাত লিপিৱদ্ধ কৰিছিলো ।” ১৯৩৯ চনত ডিব্ৰুগড় এৰি বৰপেটালৈ যোৱাৰ সময়তো ডিব্ৰুগড়ৰ অভিজ্ঞতাক লৈ ৰচিছিল ‘ডিব্ৰুগড়’ শীৰ্ষক কবিতা (স্মৃতিলেখা: ১৯৮১, পৃ ১৫৮) । গতিকে পমুৱা সমাজৰ চাক্ষুষ অভিজ্ঞতাই ‘চৰুৱাৰ উক্তি’ ৰচনাত অনুঘটকৰ কাম কৰিছিল বুলি ভাবিব পাৰি । কিন্তু হাজৰিকাৰ memoir আৰু আত্মজীৱনীমূলক লেখাসমূহত তেখেতৰ বহু কবিতাৰ জন্ম-কাহিনীৰ উল্লেখ থাকিলেও ‘চৰুৱাৰ উক্তি’ৰ বিষয়ে একো তথ্য পোৱা নাযায় ।

তত্ৰাচ, হাজৰিকাই বেচ কিছু সচেতন literary experiment—তেওঁৰ ভাষাত “সাহিত্য-চৰাৰ ল’ৰা-ধেমালি”—কৰাৰ কথা জনা যায় । ১৯২৫ চনত অসম ছাত্ৰ-সন্মিলনৰ পত্ৰিকা ‘মিলন’ৰ সম্পাদক হৈ থাকোতে তেওঁ কিদৰে ৰঘুনাথ চৌধাৰীয়ে মুছলমান ছাত্ৰ-সমাজৰ মুখপত্ৰ ‘সাধনা’ৰ বাবে লিখা ‘গোলাপ’ কবিতাটি ‘মিলন’ত প্ৰকাশ কৰিলে সেই বিষয়ে ‘স্মৃতিৰ পাপৰি’ত সংকলিত ‘বহাগীৰ বিয়াৰ আতিগুৰি’ শীৰ্ষক ৰচনাখনত সবিস্তাৰে লিখিছে ।

“মই তেতিয়া অসম ছাত্ৰ-সন্মিলনৰ মুখপত্ৰ ‘মিলন’ৰ সম্পাদক । মোৰ শিক্ষাগুৰু মহম্মদ চালেহ চাহেব মুছলমান ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ‘সাধনা’ৰ সম্পাদক । আমি দুইজন সম্পাদক আছিলো বিহগী কবিৰ স্নেহৰ পাত্ৰ । এদিন কবিজনাই মোক তেওঁৰ ঘৰলৈ মাতি নি তেওঁ আগদিনা লিখা ‘গোলাপ’ নামৰ কবিতাটো পঢ়িব দি ক’লে—“চাচোন বাপি এই কবিতাটো কেনে হৈছে । চালেহে তেওঁৰ ‘সাধনা’লৈ এটা কবিতাৰ বাবে খাটনি ধৰি আছে । এইটোকে দিম বুলি ভাবিছোঁ ।”



মই কবিতাটো পঢ়ি চাই মুগ্ধ হ’লো । কবিতাটো মোৰ ‘মিলন’ৰ বাবে আত্মসাৎ কৰিবলৈ লোভো জন্মিল । সেইমতে মই কবিতাটো বৰ ভাল হৈছে বুলি কৈ কবিক ক’লো যে এই কবিতাটো অসমীয়া সাহিত্যৰ নিশ্চয় এটা শ্ৰেষ্ঠ কবিতা হ’ব । পিছে আপুনি কবিতাটো ‘সাধনা’ত প্ৰকাশ কৰিলে মানুহে ভাবিব, আপুনি মুছলমান পাঠকক সন্তুষ্ট কৰিবলৈহে এই কবিতাত ফাৰ্চী-আৰবী শব্দবোৰ ব্যৱহাৰ কৰিছে । সেই কাৰণে এই গোলাপ কবিতাটো মিলনত প্ৰকাশ কৰিবলৈ মোক দিয়ক আৰু চালেহক আন এটা সংস্কৃতীয়া কবিতা লিখি দিয়ক । মিতিৰো ৰওক, চাউলো সিজক ।



হোলাৰ ভাই মোলা কবিয়ে মোৰ পেটৰ ভাব টলকিব নোৱাৰি মোৰ কথাতে হয়ভৰ দি কবিতাটো মোৰ হাতত দি ‘সাধনা’লৈ আন এটা কবিতা লিখি দিম বুলি ক’লে” (স্মৃতিৰ পাপৰি: ১৯৭৭, পৃ ১৯৭) ।

এই ঘটনাই অন্ততঃ দুটা তা্ৎপৰ্যপূৰ্ণ কথালৈ ইংগিত কৰে । এক, লেখনৰ ভাষা হিচাপে আধুনিক অসমীয়াৰ বিভিন্ন register সমূহ (উৰ্দু-পাৰ্চী-আৰবীমিশ্ৰিত মুছলিম অসমীয়া, সংস্কৃতমিশ্ৰিত হিন্দু অসমীয়া, মিছনেৰী/খ্ৰীষ্টিয়ান neologised অসমীয়া ইত্যাদি) তেতিয়াওঁ এটা অৰ্গেনিকভাৱে সন্তুলিত ৰুপ পোৱা নাছিল আৰু এই সন্তুলন আহৰণ সেইসময়ৰ অসমীয়া ভাষা লেখকসকলৰ অন্যতম লক্ষ্য আছিল । দুই, তৎকালীন ভাৰতৰ সাম্প্ৰদায়িক বিভাজনমুখী ৰাজনৈতিক বাতাবৰণৰ পৰিপ্ৰেক্ষতিত অসমীয়াৰ দৰে প্ৰান্তীয় ভাষা-সাহিত্যিক বাগধাৰাসমূহতো হিন্দু-মুছলমানৰ ঐক্য-মৈত্ৰীক সজোৰে ঘোষণা কৰাৰ প্ৰয়োজনবোধ কৰা হৈছিল । অতুলচন্দ্ৰ হাজৰিকাই অসমীয়া হিন্দু-মুছলমানৰ সমন্বয় ঘোষণা তথা উদযাপন কৰাৰ উদাহৰণ অন্যত্ৰও দেখা যায় । ‘স্মৃতিলেখা’ত লেখিছে: “ধৰ্মীয় কথাৰ বাহিৰে আন সামাজিক বিষয়ত হিন্দু-মুছলমানৰ অমিল নিচেইকৈ নাছিল । ভাটীৰ ফালে হোৱা হিন্দু-মুছলমানৰ সংঘৰ্ষৰ কথা ‘সঞ্জীৱনী’, ‘হিন্দুবাসী’ ‘বসুমতী’ আদি বঙলা বাতৰি কাকততহে পঢ়িবলৈ পাই মনবোৰ কেনেবা কেনেবা লাগিছিল” (স্মৃতিলেখা: ১৯৮১, পৃ ৯৯ ) । ১৯২৫ চনত, অতুলচন্দ্ৰ হাজৰিকা ওতপ্ৰোতভাৱে জড়িত থকা, অসম ছাত্ৰ সন্মিলনৰ যোৰহাটত অনুষ্ঠিত হোৱা দশম অধিৱেশনৰ প্ৰথম দিনাৰ উল্লেখযোগ্য কাৰ্যসূচীৰ ভিতৰত আছিল “সংগীতকৱি শ্ৰীযুত পাৰ্ৱতি বৰুৱাদেৱে নিজে ৰচনা কৰি গোৱা অসমীয়া সুৰৰ গীতটি, এটি হিন্দু ছাত্ৰই আবৃত্তি কৰা ফাৰ্ছী ‘গজল’ আৰু এটি মুছলমান ছাত্ৰই গোৱা সংস্কৃত স্তোত্ৰ” (ভাষণমালা: ১৯৬০, পৃ ২৮৯) ।

এইখিনিতে উল্লেখ্য যে ‘চৰুৱাৰ উক্তি’ত পিতৃৰ বাবে ‘বাবাজান’ শব্দ ব্যৱহাৰ কৰাৰ বিপৰীতে মাতৃৰ বাবে ‘আই’ শব্দ ব্যৱহাৰ কৰিছে । একেদৰে, আৰবী/উৰ্দু ‘আম্মান’ শব্দক ছন্দোৱদ্ধ কৰিছে সংস্কৃত/তৎসম ‘পূণ্যস্থান’ৰ সৈতে । যথাঃ

যিখনি দেশতে মোৰ আই-বাবাজানে

দুনিয়াত লভিলে আম্মান

সেয়ে এই মোৰ দেশ সোণৰ অসম

ইয়াতোকৈ নাই পুণ্যস্থান

(১৩-১৬ শাৰী, চৰুৱাৰ উক্তি, আৱাহন, ৯ম বছৰ ষস্ঠ সং, ১৮৬০ শক)

ইয়াত উৰ্দু/আৰবমূলীয় ‘আম্মান’ (অৰ্থ: বাসিন্দা; স্থান লভা; ‘defender’; 'getting a safe home’!) শব্দটো transliterated neologism হিচাপে অসমীয়া ভাষাৰ শব্দ-ভঁৰালত অন্তৰ্ভূক্ত কৰা হৈছে । ‘দুনিয়া’ শব্দটোও তেনেকৈয়ে অসমীয়া ভাষালৈ আহি নিৰহ-নিপানীকৈ জীণ গৈছিল । কবিতাটোৱে অৰ্থ(meaning)-অৰ পৰ্যায়ত যি সমন্বয় আৰু assimilation-অৰ বাৰ্তা বহন কৰিছে, ভাষিক কৌশলৰ ক্ষেত্ৰতো ‘আই’ আৰু ‘বাবাজান’ৰ সংযুতি(juxtaposition)-ৰদ্বাৰা সেই একেই effect আহৰণ কৰিব বিচৰা যেন বোধ । এতেকে কবিতাটোৱে ভাষিক পৰ্যায়তো এক প্ৰকাৰৰ inclusive political function সাধন কৰা বুলিব পাৰি । ই ‘মিলন’ৰ সম্পাদক হাজৰিকাই বিহগী কবিক হিন্দুৰ বাবে ফাৰ্চী-আৰবীমিশ্ৰিত অসমীয়া আৰু মুছলমানৰ বাবে সংস্কৃতমিশ্ৰিত অসমীয়া ভাষাত কবিতা লিখিবলৈ দিয়া উপদেশলৈ মনত পেলাই দিয়ে । হাজৰিকাই বোধহয় বুজিছিল ভাষাটোৰ নিৰ্মাণত সকলোকে সমস্থান দিলেহে সেই ভাষাৰ social base-টোতো তেনে সমন্বয় আশা কৰিব পাৰি ।

অসমত মুছলিম লীগৰ আগ্ৰাসী ৰাজনীতিয়ে সৰ্বভাৰতীয় দ্বি-জাতিতত্ত্বভিত্তিক সাম্প্ৰদায়িক চিন্তা-কাঠামোৰ সম্প্ৰসাৰণ নিকপকপীয়া কৰিবলৈ ধৰাৰ লগতে বৃহৎসংখ্যক মৈংমনসিংহীয়া পমুৱা মুছলমানৰ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত, এইধৰণৰ থলুৱা হিন্দু-মুছলমানৰ ঐতিহাসিক ঐক্যৰ assertion আৰু performance-ও বাঢ়ি আহিছিল ।

পমুৱা সম্পৰ্কে ১৯২৫ চনত জ্ঞাননাথ বৰাই ‘আসামত বিদেশী’ত লিখিছিল, “যিবিলাক বিদেশী আমাৰ দেশলৈ আহি বসতি কৰিছে, সিবিলাকৰ কেতবোৰ অসমীয়া হ’বৰ আশা আছে । তেওঁলোকক আমাৰ সমাজৰ পৰা আঁতৰ কৰি থোৱা উচিত হোৱা নাই । আমি তেওঁলোকক লাহে লাহে আমাৰ সমাজত ঠাই দিব লাগে । যিবিলাক মুছলমান বিদেশী আহি ঠায়ে ঠায়ে ঘৰ-বাৰী সাজি নিগাজীকৈ অসমত আছে, সিবিলাকক অসমীয়া কৰিব লাগে” (অসমত বাংলাদেশী: ২০০৯, পৃ ১৫) । অম্বিকাগিৰী ৰায়চৌধুৰীয়েও ‘ডেকা অসম’ৰ পাতত মৈংমনসিংহীয়া পমুৱাসকলক আঁকোৱালি লোৱাৰ কথা কৈছিল পমুৱাসকলৰ সাংস্কৃতিক-ভাষিক আত্মীভৱনৰ বিনিময়ত । ‘গাঁৱে-ভূঞে বহা মৈমনসিংহীয়া আৰু চাহ বাগিছাৰ বনুৱা ভাইসকলৰ প্ৰতি’ আবেদনত অম্বিকাগিৰীয়ে লিখিছে, “ভাই, তোমালোক যদিও বংগদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি ঠাইৰ লোক আছিলা, কিন্তু অসমত স্থায়ীভাৱে থাকি অসমীয়া জাতিৰ তেজ মঙহৰ লগত মিলি গৈ পৰস্পৰৰ যোগত পৰস্পৰে পৰিপুষ্ট হৈ বৃহৎ অসমীয়া জাতি সংগঠনৰ বাবেই তোমালোক অসমৰ গাৱে-ভূঞে সোমাই পৰিছাহি, আৰু অসমীয়া জাতিয়েও তোমালোকক প্ৰীতিৰ আলিংগনেৰে বুকুত মেলি গ্ৰহণ কৰিছে” (ডেকা অসম: ১ম সংখ্যা ১ম বছৰ ১৮৫৭ শক) । আনহাতে, জ্যোতিপ্ৰসাদ আগৰৱালাই dynamic ‘ন-অসমীয়া’ৰ ধাৰণাটোৰ প্ৰক্ষেপণত সাংস্কৃতিক আ্ত্মীভৱনৰ আহ্বানতে ক্ষান্ত হোৱা নাই । বৰং ‘অসমীয়া’ পৰিচয়ৰ পৰিসৰত ন-কৈ অন্তৰ্ভুক্ত হোৱা ‘মৈমনসিংহীয়া’ আৰু অন্যান্য সকলোকে ধৰি প্ৰতিটো constituent-অকে এক প্ৰগতিশীল ৰাজনৈতিক কমিউনিটি নিৰ্মাণৰ (আৰু বিনিৰ্মাণৰ) ক্ষেত্ৰত নিজস্ব agency ও প্ৰদান কৰিছে (যথাঃ ‘অসমীয়া ডেকাৰ উক্তি’ত কথিত “সাম্য-মৈত্ৰীৰ তয়েই ৰণুৱা”) । তৎতকালীন অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰাটোৰ পমুৱা আৰু বিদেশী সম্পৰ্কে অৱস্থান এয়ে আছিল । আৰু অতুলচন্দ্ৰ হাজৰিকাৰো । হাজৰিকাই 'চৰুৱাৰ উক্তি’ত মৈমনসিংহীয়া পমুৱাৰ মাজত ব্যৱহৃত শব্দৰ অন্তৰ্ভুক্তিৰে অসমীয়া ভাষা ‘পুনৰ্ণিৰ্মান’ৰ সম্ভাৱনীয়তাক তুলি ধৰিছে—ই এক অৰ্থত ‘(ন-)অসমীয়া’ৰ নিৰ্মিতিত মৈমনসিংহীয়া পমুৱা সমাজৰ সম্ভাৱ্য agency-ৰ স্বীকৃতি ।

এইখিনি তথ্যৰ আলমত বিচাৰ কৰি চালে অনুমান কৰিবলৈ টান নহয় যে ‘চৰুৱাৰ উক্তি’ৰ প্ৰথম পুৰুষ কবি-নেৰেটৰ কন্ঠ ‘মৌঃ বন্দে আলী’য়ে সমসাময়িক অসমৰ সমাজ-ৰাজনীতি তোলপাৰ কৰি ৰখা মৈমনসিংহীয়া পমুৱা মুছলমানৰ বিষয়টো সন্দৰ্ভত হাজৰিকাৰ মতামতক—যি সেইসময়ৰ সৰহভাগ অসমীয়া বুদ্ধিজীৱীৰো মত আছিল—প্ৰতিফলন কৰিছিল: কবিতাটোত ‘চৰুৱা’ ‘পমুৱা’ ‘মৈমনসিংহীয়া’ বন্দে আলী এজন আদৰ্শ প্ৰব্ৰজনকাৰী, যি অসমীয়াই জনোৱা আত্মীভৱনৰ আহ্বানৰ প্ৰতি সঁহাৰি দি অসমৰ বায়ু-পানীত জীণ গৈ হ’ব খুজিছে ‘অসমীয়া’ ।

প্ৰশ্ন উঠিব পাৰে যে অতুলচন্দ্ৰ হাজৰিকাই ‘চৰুৱাৰ উক্তি’ৰ ৰচক হিচাপে চিন্হিত কৰিবলৈ ‘মৌঃ বন্দে আলী’ নামটো কিয় বাচি ল’লে? ইয়াৰ আটাইতকৈ পোনপটীয়া ব্যাখ্যা হ’ল: পূৰ্ব-বংগৰ পাবনাত জন্ম গ্ৰহণ কৰা, বন্দে আলী মিয়া (১৯০৬-১৯৭৯) সেইসময়ৰ এগৰাকী সুপৰিচিত বাংলা কবি আছিল । বিশেষকৈ গ্ৰামীণ পূৰ্ববংগৰ মনোমোহা চিত্ৰণৰ বাবে পৰিচিত আছিল । 'ময়নামতীর চর’ (১৯৩২) তেনে এখন উল্লেখযোগ্য কবিতাপুথি । গতিকে পূৰ্ববংগীয় মুছলমান কবি বন্দে আলী মিয়াৰ নামৰ লগত সাদৃশ্য থকাকৈ ‘মৌঃ বন্দে আলী’ৰ authorial inscription থাকিলে ‘কৰ্তৃত্ব’ (authority) আৰু ‘বিশ্বাসযোগ্যতা’ (credibility) বৃদ্ধি হ’ব বুলিয়েই হয়তো এই ছদ্মনাম ব্যৱহাৰ কৰিছিল । হাজৰিকাৰ আত্মজীৱনীমূলক লেখাসমূহ পঢ়িলে দেখা যায় যে তেওঁ সমসাময়িক বাংলা সাহিত্যৰ জগতখনৰ লগত সুপৰিচিত আছিল । ‘স্মৃতিৰ পাপৰি’ত পূৰ্ববংগৰ চাৰণ কবি মুকুন্দ দাসৰ ব্ৰিটিছবিৰোধী যাত্ৰা-গীতাভিনয় চাই অভিভূত হোৱাৰ একাধিক উল্লেখ আছে (স্মৃতিৰ পাপৰি: ১৯৭৭, পৃ ৫৫, পৃ ২২০) । অতঃএৱ, কবি বন্দে আলী মিয়াৰ নামৰপৰাই হাজৰিকাই ‘মৌঃ বন্দে আলী’ ছদ্মনাম ল’বলৈ অনুপ্ৰেৰণা পাইছিল বুলি নিৰাপদভাৱে সিদ্ধান্তলৈ আহিব পাৰি ।

****

১৯৫৩ চনত প্ৰশাসক-সাহিত্যিক অতুলচন্দ্ৰ বৰুৱা ৰঙিয়াৰ ছাব-ডেপুটী কালেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দিনৰ কথা । এদিন তেতিয়াৰ কৃষি-মন্ত্ৰী মহেন্দ্ৰমোহন চৌধুৰী আৰু ৰিফিউজী ৰিহেবিলিটেশ্বন অফিচাৰ প্ৰতাপচন্দ্ৰ গোস্বামীয়ে পূৰ্ববংগৰ ভগনীয়াক সংস্থাপন দিয়া ভূটান পাহাৰৰ দাঁতিৰ কাউলী অঞ্চল পৰিদৰ্শন কৰিবলৈ যাওঁতে বৰুৱাকো লগত লৈ গৈছিল । সেইদিনা কাউলীৰ এখন ৰিফিউজী গাঁৱত হোৱা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি অতুলচন্দ্ৰ বৰুৱাই ‘ভূমি আৰু জীৱন’ (১৯৫৮) গ্ৰন্থত লিখিছে:

“মন্ত্ৰী মহোদয়ে ভগনীয়াসকলৰ লগত কথা পাতিলে । তাৰে এজন মানুহে নিভাঁজ অসমীয়া মাত মাতিছিল । মন্ত্ৰীডাঙৰীয়াই আচৰিত হৈ সুধিছিল—“আপুনি এনে সুন্দৰ মাত-কথা ক’ত শিকিলে?”



উত্তৰত সেই মানুহজনে ক’লে—“দেউতা, পাকিস্তান কাহানিবাই এৰি বয়-বস্তু সকলো লৈ আহিলো যেতিয়া, অসমীয়া কথা নকৈ অসমীয়া মানুহৰ লগত মিলি নগৈ থাকিলে জানো কিবা লাভ হ’ব? আমাৰ পূৰ্ব্বপুৰুষসকল হেনো বংগদেশৰ আছিল? কোনে জানে যে তেওঁলোকো হয়তো এদিন অন্য কোনোবা প্ৰদেশৰপৰা পেটৰ দায়ত বংগদেশলৈ আহি বঙালী হৈ পৰা নাছিল? গতিকে আমাৰ মতেৰে দেউতা যি দেশৰ অম্লজলেৰে আমি পোহপাল যাম সেয়ে আমাৰ দেশ; সেয়ে মাতৃভূমি” (অতুলচন্দ্ৰ বৰুৱা ৰচনাৱলী ২য় খণ্ড: ১৯৯৬, পৃ ৩৪০) ।

স্বৰুপতে, অতুলচন্দ্ৰ বৰুৱাৰ ‘ভূমি আৰু জীৱন’ৰ এই বাস্তৱ চৰিত্ৰটি অতুলচন্দ্ৰ হাজৰিকাৰ fictional author persona/voice ‘মৌঃ বন্দে আলী’ৰ মূৰ্ত ৰূপ । দুয়ো সজোৰে কৈছে: “যি দেশত মাটি চহি ল’লো ঘৰ-বাৰী, সেয়ে মোৰ দেশ…”



তথ্যসূত্ৰ:

অনিল ৰায়চৌধুৰী: অসমত বাংলাদেশী .২০০৯. জাগৰণ সাহিত্য প্ৰকাশ:গুৱাহাটী.

অম্বিকাগিৰী ৰায়চৌধুৰী: ‘গাঁৱে-ভূঞে বহা মৈমনসিংহীয়া আৰু চাহ বাগিছাৰ বনুৱা ভাইসকলৰ প্ৰতি’. ডেকা

অসম. ১ম সংখ্যা ১ম বছৰ ১৮৫৭ শক.

অতুলচন্দ্ৰ বৰুৱা: অতুলচন্দ্ৰ বৰুৱা ৰচনাৱলী, সম্পাদক কনকসেন ডেকা. ১৯৯৬. বৰুৱা প্ৰকাশন: গুৱাহাটী.

অতুলচন্দ্ৰ হাজৰিকা:

স্মৃতিৰ পাপৰি: নানা তৰহৰ দেখা-শুনা প্ৰসংগ.১৯৭৭. দত্তবৰুৱা এণ্ড কো: গুৱাহাটী.

স্মৃতিলেখা: আত্মকথা আৰু পুৰণি কথা. ১৯৮১. অসম প্ৰকাশন পৰিষদ: গুৱাহাটী.

ভাষণমালা: অসম ছাত্ৰ সন্মিলনৰ ভাষণ সংগ্ৰহ. ১৯৬০. অসম প্ৰকাশন পৰিষদ: গুৱাহাটী.

দীপালী.১৯৩৮. প্ৰকাশক অতুলচন্দ্ৰ হাজৰিকা.কলিকতাৰ ভাৰতমিহিৰ প্ৰেছত মুদ্ৰিত.

ছালিম এম হুছেইন: ‘(Why Miyah Poetry (and not Chor-Chapori Poetry)?’. ২০১৬: ২৬ ন’ৱেম্বৰ. NEZINE.

বন্দে আলী মিয়া: 'ময়নামতীর চর’. ১৯৩২. ৰাজকুমাৰ মেশিন প্ৰেছ: কলিকতা.

মৃদুল কুমাৰ সন্দিকৈ: ‘মিঞা পয়েট্ৰীঃ কি আৰু কিয়?- এক সামগ্ৰিক বিশ্লেষণ…’ ২০১৯: ১৩ জুলাই. অসমীয়া প্ৰতিদিন.

মৌঃ বন্দে আলী: আৱাহন. ১৯৩৮. ৯ম বছৰ ষষ্ঠ সংখ্যা.

সংগীতা বৰুৱা পিশ্বাৰটি: ‘There is a conspiracy to show Bengal-origin Muslims as anti-Assamese: Hafiz Ahmed’. ২০১৯: ২৩ জুলাই. The Wire.

হাফিজ উদ্দিন আহমেদ: অসমীয়া সমাজলৈ বংগমূলীয় অসমীয়া মুছলমানৰ অৱদান. ২০১৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত দাখিল কৰা অপ্ৰকাশিত পিএইচডি থেছিচ.