Papul Gogoi
2 min readJul 27, 2023

ঘাঁহনিৰ বিশেষত্ব, ঘাঁহনি (Grass land) ধ্বংসৰ মূল কাৰণ আৰু ইয়াৰ সংৰক্ষণ
________________________
✍️ Papul Gogoi

ঘাঁহনিৰ গুৰুত্ব অপৰিসীম। যিটো কথা আজিও বহুতে নাজানে। ঘাঁহনিয়ে প্ৰাকৃতিক পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ঘাঁহনি বিভিন্ন জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকটিৰ বাসস্থান। ঘাঁহনিত বহু বনৌষধি পোৱা যায়। ঘাঁহনিৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিব পাৰি। যাৰ জৰিয়তে বহু নিবনুৱাৰ সংস্থাপনৰ পথ প্ৰশস্ত হ'ব। কিন্তু কেনেকৈ? ঘাঁহনি হৈছে দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু। কিয়নো ঘাঁহনিত বিভিন্ন দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱ-জন্তু, পশু-পক্ষী, চৰাই-চিৰিকটি পোৱা যায়। যাক দেখুৱাই বহু লোকে উপাৰ্জন কৰি জীৱিকাৰ উৎস ল'ব পাৰে।

সমগ্ৰ বিশ্বতে ঘাঁহনি আছে। কিন্তু বন নতুবা অৰণ্যৰ এলেকাৰ তুলনাত ঘাঁহনি বহুত কম আছে। ভাৰতত চাবলৈ গ'লে মাত্ৰ কেইটামান ঠাইতহে এনে ঘাঁহনি দেখিবলৈ পোৱা যায়। সেইয়াও দিনক কমি আহিব ধৰিছে। এনেকৈ যদি ঘাঁহনি শেষ হ'বলৈ ধৰে তেনেহ'লে বহু আপুৰুগীয়া সম্পদ হেৰুৱাব লগা হ'ব।

ঘাঁহনি ধ্বংসৰ কাৰণসমূহ:

ঘাঁহনি ধ্বংস হয় একমাত্ৰ জীৱশ্ৰেষ্ঠ মানুহৰ বাবে। যদিও প্ৰাকৃতিক দুৰ্যোগৰ বাবেও ঘাঁহনি ধ্বংস হয়। ঘাঁহনিত মানুহে বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, ঘৰ-অট্টালিকা নিৰ্মাণ কৰাৰ ফলত ঘাঁহনি ধ্বংস হয়। ঘাঁহনি ধ্বংসৰ আন এক কাৰণ হৈছে , ঘাঁহনি চাফা কৰি বহু লোকে কৃষি কাৰ্য সম্পাদন কৰা। বহু লোকে ঘাঁহনি কাটি পোহনীয়া জীৱ-জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইও এক প্ৰধান কাৰণ বুলিব পাৰি। আনহাতে পোহনীয়া জীৱ-জন্তুৰ প্ৰতি থকা দায়িত্বহীনতাৰ বাবে ঘাঁহনিত মুক্ত বিচৰণ কৰাৰ ফলত ঘাঁহনি ধ্বংস হয়। বহু লোকে ঘৰৰ চাৱনি চোৱা আৰু ঘৰৰ বিভিন্ন কামৰ বাবে ঘাঁহনিত থকা খেৰ কটাৰ ফলতো ঘাঁহনি ধ্বংস হ'ব পাৰে। কিছু দুষ্টলোকে ঘাঁহনি জ্বলাই দিয়াৰ ফলতো ঘাঁহনি ধ্বংস হয়। আনহাতে ঘাঁহনিত কিছু দুষ্টলোকে পলিথিন জাতীয় সামগ্ৰী, লেতেৰা কাপোৰ নতুবা অন্য কিছু পেলনীয়া সামগ্ৰী পেলোৱাৰ ফলত ঘাঁহনি ধ্বংস হ'ব পাৰে। উল্লেখ্য যে, প্ৰাকৃতিক দুৰ্যোগ যেনে- প্ৰবল বান-গড়াখহনীয়া, ভূমিকম্প আদিৰ ফলতো ঘাঁহনি ধ্বংস হয়।

ঘাঁহনি সংৰক্ষণ কেনেকৈ কৰিব পাৰি?

বিভিন্ন সময়ত চৰকাৰে হওক নতুবা অন্য কোনো ব্যক্তিগত প্ৰতিষ্ঠানে হওক উদ্যোগ-প্ৰতিষ্ঠান স্থাপন কৰিবলৈ গছ-গছনি কাটি ধ্বংস কৰে। ইয়াৰ বিৰুদ্ধে সচেতন ৰাইজে প্ৰতিবাদ বা বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিন্তু ঘাঁহনি ৰক্ষাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহয়। গতিকে গছ-গছনিৰ সংৰক্ষণৰ ক্ষেত্ৰত যেনেদৰে গুৰুত্ব দিয়া হয়, ঠিক তেনেদৰে যদি ঘাঁহনি সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া তেন্তে ঘাঁহনি সংৰক্ষণ হ'ব বুলি ভাবো।

প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ'ব পৰা ঘাঁহনি ধ্বংসৰ সংৰক্ষণ সম্ভৱ নহয় নতুবা ইয়াক কোনেও ৰক্ষা কৰিব নোৱাৰে। কিন্তু মানুহৰ দ্বাৰা হোৱা ঘাঁহনি ধ্বংসক মানুহে ৰক্ষা তথা সংৰক্ষণ কৰিব পাৰে। ঘাঁহনিৰ গুৰুত্বতা, প্ৰয়োজনীয়তা আদিৰ সম্পৰ্কে সাধাৰণ ৰাইজক বুজোৱাৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ ঘাঁহনি সংৰক্ষণৰ ওপৰত কিছুমান সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে ঘাঁহনি সংৰক্ষণ কৰিব পাৰি।

#savegrassland #savewildlife #SaveBirds #saveearth