Itishree Jena
PhonePe
Published in
4 min readMay 28, 2021

--

ৰিস্ক আৰু ৰিটাৰ্ণ — একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি

আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত নিৰ্দিষ্ট ৰিস্ক গ্ৰহণ কৰাটো সম্পদ আহৰণত দীৰ্ঘম্যাদীভাৱে সহায়ক হয়

চলচ্চিত্ৰ আৰু কিতাপৰ দৰে বহুতো জনপ্ৰিয় সাংস্কৃতিক উপাদানে জীৱনত ৰিস্কৰ ভূমিকাক প্ৰায়েই নাটকীয় ৰূপ দিয়া দেখা যায়। অৱশ্যে বিনিয়োগত ইয়াৰ ভূমিকা অনস্বীকার্য। আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত নিৰ্দিষ্ট পৰিমাণৰ ৰিস্ক গ্ৰহণ কৰাটোৱে আপোনাৰ সম্পদ আহৰণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদীভাৱে সহায়ক হ’ব পাৰে। দৰাচলতে, কেৱল “সুৰক্ষিত” সামগ্ৰীত বিনিয়োগ কৰাটো প্ৰকৃততে দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা অত্যন্ত বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক।

বিনিয়োগৰ সুৰক্ষিত বিকল্পসমূহ সঁচাকৈ সুৰক্ষিতনে?

বহুতো বিনিয়োগকাৰীয়ে তেওঁলোকৰ টকা ছেভিংছ একাউণ্ট বা ফিক্সড ডিপ’জিটত বিনিয়োগ কৰে কাৰণ তেওঁলোকে ইয়াক সুৰক্ষিত নিৰ্ধাৰিত ৰিটাৰ্ণ দিয়ে বুলি গণ্য কৰে। অৱশ্যে, এই সুৰক্ষিত বিনিয়োগত বিনিয়োগ কৰাৰ ক্ষেত্ৰত এটা ৰিস্ক নিহিত থাকে: মুদ্ৰাস্ফীতিৰ ৰিস্ক।

এটা সহজ উদাহৰণৰ দ্বাৰা মুদ্ৰাস্ফীতিৰ ৰিস্ক ভালদৰে বুজিব পাৰি: ধৰি লওঁক 5 বছৰৰ আগতে আপুনি এটা মছলা দোচাৰ বাবে মাত্ৰ ₹30 টকা পৰিশোধ কৰিছিল কিন্তু এতিয়া আপুনি একেটা মছলা দোচাৰ বাবে ₹45 টকা পৰিশোধ কৰে। ইয়াৰ অৰ্থ হৈছে যে বিগত 5 বছৰত, প্ৰতি বছৰে এটা মচলা দোচাৰ মূল্য 8% তকৈও অধিক বৃদ্ধি হৈছে। এয়া হৈছে মুদ্ৰাস্ফীতি বা সময়ৰ লগত মূল্য বৃদ্ধি।

যদি বিনিয়োগৰ দৃষ্টান্ত ব্যৱহাৰ কৰি আমি ইয়াক ব্যাখ্যা কৰোঁ, ধৰি লওঁক যে আপুনি 5 বছৰ আগতে এক অতি সুৰক্ষিত বিনিয়োগ বিকল্পত ₹30 বিনিয়োগ কৰিছিল যি আপোনাক বছৰি 6% ৰিটাৰ্ণ দিছিল। আজি ইয়াৰ মূল্য ₹40। যদিও আপুনি ₹10 লাভ অৰ্জন কৰিলে, আপুনি তথাপিও ₹5 কম অৰ্জন কৰিছে। সেয়া হৈছে আপোনাৰ বিনিয়োগৰ বাবে মুদ্ৰাস্ফীতিৰ ৰিস্ক।

প্ৰতিজন বিনিয়োগকাৰীয়ে সুৰক্ষিত বিনিয়োগৰ প্ৰ’ডাক্টত কিছু বিনিয়োগ কৰা উচিত, কিন্তু কেৱল এনে প্ৰ’ডাক্টত সম্পূৰ্ণ পুঁজি বিনিয়োগ কৰাৰ ফলত প্ৰায়ে বিনিয়োগ কৰা পুঁজি ক্ষতিগ্ৰস্ত হয়। দীৰ্ঘম্যাদী সম্পদ সৃষ্টিৰ বাবে, নিৰ্ধাৰিত ৰিস্ক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ, অন্যথা ভৱিষ্যতে আপোনাৰ বিত্তীয় লক্ষ্য পূৰণ কৰাৰ বাবে প্ৰয়োজন হোৱা টকাৰ অনুপাতে কম ধন থাকিব পাৰে। কেৱল “সুৰক্ষিত” প্ৰ’ডাক্টত বিনিয়োগ কৰি আপোনাৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰাটো এগৰাকী বেটছমেনে বাউণ্ডেৰী বা ছয় মৰাৰ ক্ষেত্ৰত থকা ৰিস্ক নোলোৱাকৈ শতক অৰ্জন কৰাৰ আশা কৰাৰ নিচিনা।

উচ্চ ৰিস্ক আৰু উচ্চ ৰিটাৰ্ণত বিনিয়োগত কিছু ধন ভৰাই বিনিয়োগকাৰীসকলে কেনেদৰে লাভান্বিত হ’ব পাৰে চাওঁ আহক।

ৰিস্ক বনাম ৰিটাৰ্ণ: সঠিক ভাৰসাম্য কিদৰে ৰাখিব

ৰিস্ক আৰু ৰিটাৰ্ণ প্ৰায়ে একে দিশত আগবাঢ়ে, অৰ্থাৎ ৰিস্ক অধিক হ’লে সাম্ভাব্য ৰিটাৰ্ণ অধিক হয় কিন্তু যি ৰিস্কৰ বিষয়ে কথা পাতি থাকোঁ সেয়া কি? আমি যি ৰিস্কৰ বিষয়ে আলোচনা কৰি আছোঁ সেয়া হ’ল বজাৰৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি হোৱা আপোনাৰ বিনিয়োগৰ উত্থান-পতন। হ্ৰস্বম্যাদী সময়ত, এই উত্থান-পতন অধিক সঘনাই হ’ব পাৰে কিন্তু দীৰ্ঘম্যাদী কালত আপোনাৰ বিনিয়োগ অধিক হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

আপোনাৰ ৰিস্ক সহনশীলতা, লক্ষ্য আৰু বিনিয়োগৰ ম্যাদৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা ৰিস্ক গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। এই কাৰকবোৰ ব্যৱহাৰ কৰি আপুনি ৰিস্ক আৰু লাভৰ মাজত সঠিক ভাৰসাম্য ৰাখিব পাৰে।

অধিক ৰিটাৰ্ণৰ সম্ভাৱনা থকা বিনিয়োগে আপোনাক সুৰক্ষিত বিনিয়োগৰ বিকল্পৰ তুলনাত কেনেদৰে সম্পদ আহৰণ কৰাত অধিক সহায় কৰিব পাৰে বুজিবলৈ তলত এটা উদাহৰণ দিয়া হৈছে:

ধৰি লওঁক আপুনি 25 বছৰ বয়সত বিনিয়োগ আৰম্ভ কৰিছে আৰু 50 বছৰ বয়সত উপনীত হোৱালৈকে আপুনি 1 কোটি টকাৰ সম্পদ আহৰণ কৰিব বিচাৰে। আপুনি বিভিন্ন ধৰণে এই লক্ষ্যত উপনীত হ’ব পাৰে: উদাহৰণ স্বৰূপে: আপুনি সুৰক্ষিত বিনিয়োগ বিকল্পত বিনিয়োগ কৰিব পাৰে যি 6% ৰিটাৰ্ণ প্ৰদান কৰে বা আপুনি ইকুইটি মিউচুৱেল ফাণ্ড বাছনি কৰিব পাৰে যাৰ সাম্ভাব্য ৰিটাৰ্ণ 12% (ইয়াত হ্ৰাসম্যাদী উত্থান-পতন নিহিত হৈ থাকে)। দুয়োটা ক্ষেত্ৰতে আপুনি প্ৰতি মাহে কিমান বিনিয়োগ কৰিব লাগিব ইয়াত দিয়া হৈছে:

ওপৰোক্ত তালিকাখন কেৱল উদাহৰণৰ বাবে আৰু ইয়াক বিনিয়োগৰ পৰামৰ্শ হিচাপে গণ্য কৰা উচিত নহয়।

পৰ্যবেক্ষণ:

  • ই দেখুৱায় যে যদি আপুনি বছৰি কেৱল 6% ৰিটাৰ্ণ প্ৰদান কৰা সুৰক্ষিত বিনিয়োগ বিকল্পত বিনিয়োগ কৰে, আপুনি 50 বছৰ বয়সলৈ ₹1 কোটি জমা কৰিবলৈ প্ৰতি মাহে ₹15,000 বিনিয়োগ কৰিব লাগিব।
  • যদি আপুনি ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে আৰু বছৰি 12% ৰিটাৰ্ণ অৰ্জন কৰে, আপুনি আপোনাৰ ₹1 কোটিৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰতি মাহে মাত্ৰ ₹6,000 বিনিয়োগ কৰিব লাগিব। এইটো আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ সুৰক্ষিত বিনিয়োগ বিকল্পত বিনিয়োগ কৰিব লগীয়া টকাতকৈ যথেষ্ট কম।

এতিয়া আপুনি যিহেতু বুজিলে যে, আপোনাৰ বিনিয়োগত কিছু ৰিস্ক গ্ৰহণ কৰিলে আপোনাক দীৰ্ঘম্যাদী সময়ত কেনেদৰে সহায় কৰিব, আপুনি আপোনাৰ বিনিয়োগৰ সৈতে জড়িত ৰিস্ক গ্ৰহণ কৰি স্থায়ী বিনিয়োগ কৰাটো নিশ্চিত কৰিবলৈ কৰিব পৰা কেইটামান কাম তলত দিয়া হৈছে:

  • দীৰ্ঘম্যাদৰ বাবে বিনিয়োগ কৰক — দীৰ্ঘম্যাদী বিনিয়োগৰ ক্ষেত্ৰত, কিছুমান ৰিস্ক থকা বিনিয়োগ যেনে ইকুইটি ফাণ্ডে সম্পূৰ্ণ সুৰক্ষিত বিনিয়োগ বিকল্পতকৈ অধিক লাভ প্ৰদান কৰে। সেয়েহে, আপুনি যিমানে দীঘলীয়া সময় বিনিয়োগ কৰি থাকিব সিমানেই ভাল।
  • স্থিৰতা গুৰুত্বপূৰ্ণ — মাহিলী SIP-ৰ জৰিয়তে নিয়মীয়াকৈ বিনিয়োগ কৰি থাকিব কিয়নো ই কেৱল সম্পদ সংগ্ৰহ কৰাৰ এক সুবিধাজনক বিকল্পই নহয় লগতে ই হ্ৰস্বম্যাদী বজাৰৰ উত্থান-পতনৰ ৰিস্ক হ্ৰাস কৰাতো সহায় কৰে।
  • বিভিন্ন ধৰণে বিনিয়োগ কৰক — আপুনি নিজৰ বিনিয়োগ বিভিন্ন প্ৰকাৰৰ পুঁজিত বিতৰণ কৰি আপোনাৰ ৰিস্ক গ্ৰহণ কৰাৰ সক্ষমতাৰ সৈতে আপোনাৰ বিনিয়োগ খাপ খুৱাই ল’ব পাৰে, যেনে, ইকুইটি ফাণ্ড, ডেবট ফাণ্ড। ইয়াৰ বিষয়ে অধিক জানিবলৈ এইটো পঢ়ক।

বিনিয়োগৰ নিৰ্ধাৰিত ৰিস্ক গ্ৰহণ কৰিবলৈ শংকিত নহ’ব কিয়নো সেইবোৰে দীৰ্ঘম্যাদী সময়ত সম্পদ বৃদ্ধি কৰাত আপোনাক সহায় কৰিব।

মিউচুৱেল ফাণ্ডত বজাৰৰ ৰিস্ক নিহিত হৈ থাকে। বিনিয়োগ কৰাৰ আগতে অনুগ্ৰহ কৰি আঁচনি সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

--

--

More from Itishree Jena and PhonePe